নলবাৰীৰ গংগাপুৰত ভয়ংকৰ হত্যাকাণ্ড! প্ৰেমৰ সংঘাতৰ কৰুণ পৰিণতি, চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ভাতৃয়ে, সংকটজনক অৱস্থাত ভগ্নী
নলবাৰী: নলবাৰী জিলাৰ গংগাপুৰত সংঘটিত হোৱা এক জঘন্য তথা বৰ্বৰ আক্ৰমণৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰথম অৱস্থাত ৰহস্যৰ আৱৰ্তত থকা এই ঘটনাত এতিয়া পোহৰলৈ আহিছে এক নতুন আৰু চাঞ্চল্যকৰ মোৰ। চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটিছে। হত্যাকাণ্ডৰ বলি হোৱা দুৰ্ভগীয়া যুৱকজনক মাধুৰ্য বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আনহাতে, এই মৰ্মান্তিক আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে ১৮ বছৰীয়া এগৰাকী যুৱতী। আহত যুৱতীগৰাকীৰ নাম মৃদুমুদ্ৰা ডেকা বুলি জানিব পৰা গৈছে। বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে।
What's Your Reaction?
Like
1
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0