ভাদৈ আৰক্ষীৰ বেহু ভাঙি পলাল ড্ৰাগ আসক্ত যুৱক
দুলীয়াজান, ৫ জুলাই -- দুলীয়াজানৰ সমীপৰ ভাদৈ আৰক্ষী চকীৰ লক আপৰ পৰাই পলাল ড্ৰাগ আসক্ত এজন যুৱক। পলাতক যুৱকজন স্হানীয় ২ নং বৰপথাৰ গাঁৱৰ মনদ্বীপ সোণোৱাল ওৰফে নেপালী বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খৱৰ অনুসৰি ভাদৈ আৰক্ষীয়ে নিচাসক্ত যুৱকজনক আজি আটক কৰি আৰক্ষী চকীলৈ আনিছিল। এনেতে শৌচাগাৰলৈ যোৱাৰ চলেৰে যুৱকজনে আৰক্ষীক গতিয়াই তৎমূহুৰ্ততে দৌৰি পলাই যায়। ইফালে পিছে পিছে আৰক্ষী দলে যুৱকজনক বিচাৰি চলাথ কৰে যদিও যুৱকজনৰ কোনো শুংসূত্ৰ নাই । আৰক্ষীৰ বেহু ভাঙি পলাতক নিচাসক্ত যুৱকজনে কাষৰীয়া চাহ বাগিচাৰ মাজত লুকাই পৰা বুলি স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে এই ঘটনাৰ বাবে আৰক্ষী নিৰাপত্তাৰ ব্যৱস্হাক লৈ ভাদৈ অঞ্চলৰ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
1
Angry
0
Sad
0
Wow
0