নিবনুৱা যুৱক-যুৱতীৰ বাবে আশাৰ বতৰা: দুলীয়াজানত অইল ইণ্ডিয়াৰ 'প্ৰকল্প অইল স্বাৱলম্বন'ৰ সজাগতা সভা আৰু পঞ্জীয়ন শিবিৰ

Jun 23, 2026 - 22:05
 0  8
নিবনুৱা যুৱক-যুৱতীৰ বাবে আশাৰ বতৰা: দুলীয়াজানত অইল ইণ্ডিয়াৰ 'প্ৰকল্প অইল স্বাৱলম্বন'ৰ সজাগতা সভা আৰু পঞ্জীয়ন শিবিৰ

দুলীয়াজান, ২৩ জুন: দেশৰ অন্যতম মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান 'অইল ইণ্ডিয়া লিমিটেড' (OIL)-এ নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে অব্যাহত ৰাখিছে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনি ‘প্ৰকল্প অইল স্বাৱলম্বন’। ২০১৩ বৰ্ষৰ পৰা ৰূপায়ণ হৈ অহা এই বিশেষ আঁচনিখনৰ অধীনত আজি দুলীয়াজানৰ নাওশলীয়া স্থিত আৰ্শীবাদ বিবাহ ভৱনত এক সজাগতা সভা আৰু পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয়। অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলক লক্ষ্য কৰি আয়োজিত এই শিবিৰত চাৰিশৰো অধিক নিবনুৱাই অংশগ্ৰহণ কৰি পঞ্জীয়ন কৰে। বিজেপি নেতা শংকৰজ্যোতি বৰুৱাৰ তৎপৰতাত তথা দুলীয়াজান আৰু মধুটিং সূৰ্যোদয় যুৱ সংঘৰ সহযোগত আয়োজিত এই অনুষ্ঠানত প্ৰশিক্ষণৰ সা-সুবিধা আৰু সংস্থাপনৰ দিশসমূহৰ ওপৰত আলোকপাত কৰা হয়।

সভাখনত অইলৰ জনসম্পৰ্ক ৰক্ষা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দিগন্ত কুমাৰ বৰাই জানিবলৈ দিয়ে যে, এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া। প্ৰশিক্ষাৰ্থীসকলক গুৱাহাটীত থকা-খোৱাৰ সুবিধা অইল কৰ্তৃপক্ষই বহন কৰে। তিনিমহীয়া ‘পৰ্যটন আৰু আতিথ্য’ (Tourism & Hospitality) বিষয়ৰ এই প্ৰশিক্ষণৰ অন্তত এশ শতাংশ চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা হয়। ইতিমধ্যে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে এই প্ৰকল্পৰ জৰিয়তে দেশ-বিদেশৰ প্ৰতিষ্ঠানত কৰ্মসংস্থাপন লাভ কৰিছে।

অনুষ্ঠানত উপস্থিত থাকি বিজেপি নেতা শংকৰজ্যোতি বৰুৱাই অইল ইণ্ডিয়াৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে, ১৮ বছৰ উৰ্দ্ধৰ যুৱক-যুৱতীসকলৰ বাবে ই এক সোণালী সুযোগ। তেওঁ অইল কৰ্তৃপক্ষক পঞ্জীয়নভুক্ত সকলো প্ৰাৰ্থীক পৰ্যায়ক্ৰমে প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, এই পাঠ্যক্ৰমৰ অধীনত ফুড এণ্ড বেভাৰেজ চাৰ্ভিছ, ফ্ৰণ্ট অফিচ এচ’ছিয়েট আৰু হাউচকিপিং আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

শিবিৰত ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, চৰাইদেউ, যোৰহাট আৰু মাজুলী জিলাৰ বহুসংখ্যক যুৱক-যুৱতী উপস্থিত আছিল। সভাত অইলৰ উচ্চপদস্থ বিষয়া পংকজ কুমাৰ চেতিয়া, প্ৰিয়াশী গোস্বামী, মধুস্মিতা বৰদলৈৰ লগতে দুলীয়াজান আৰু মধুটিং যুৱ সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কাৰ্যসূচীৰ শেষত পূৰ্বে প্ৰশিক্ষণ লৈ বৰ্তমান কৰ্মসংস্থাপন লাভ কৰা তিনিগৰাকী যুৱক-যুৱতীয়ে তেওঁলোকৰ অভিজ্ঞতা ৰাইজৰ আগত ব্যক্ত কৰে।

What's Your Reaction?

Like Like 0
Dislike Dislike 0
Love Love 0
Funny Funny 0
Angry Angry 0
Sad Sad 0
Wow Wow 0