দুলীয়াজানত উত্তাল প্ৰতিবাদ: বিধ্বস্ত পথ মেৰামতিৰ দাবীত মধুটিং তিনিআলিত পথ অৱৰোধ, অইললৈ তীব্ৰ সকীয়নি

May 31, 2026 - 22:59
 0  6
দুলীয়াজানত উত্তাল প্ৰতিবাদ: বিধ্বস্ত পথ মেৰামতিৰ দাবীত মধুটিং তিনিআলিত পথ অৱৰোধ, অইললৈ তীব্ৰ সকীয়নি

দুলীয়াজান: দুলীয়াজানৰ মধুটিং তিনিআলিত আজি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰা পথছোৱাৰ খৰতকীয়া পুনৰ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে একত্ৰিত হৈ পুৱাৰে পৰা পথ অৱৰোধ কৰে। ​উল্লেখ্য যে, দুলীয়াজানৰ মধুটিং তিনিআলিৰ পৰা বকুলনী সংযোগী প্ৰায় ৫ কিলোমিটাৰ দীঘল গঢ়কাপ্টানী পথছোৱা বিগত দুটা বছৰে মেৰামতি নকৰাৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। এই জৰাজীৰ্ণ পথেৰে নিতৌ যাতায়ত কৰোঁতে স্থানীয় ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই পথছোৱাৰে দৈনিক অইল ইণ্ডিয়া লিমিটেডৰ গধুৰ যন্ত্ৰাংশ কঢ়িওৱা যান-বাহনৰ লগতে নগাজান তৈলক্ষেত্ৰলৈ অইলৰ বিষয়া-কৰ্মচাৰীৰ লঘু আৰু গধুৰ বাহনসমূহ চলাচল কৰে। ইমানৰ পিছতো অইল কৰ্তৃপক্ষই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। ​অইল কৰ্তৃপক্ষৰ এই উদাসীনতাৰ বিৰুদ্ধে অৱশেষত ক্ষোভ উজাৰি আজি পুৱাৰে পৰা পথ অৱৰোধ কৰে স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), টাই আহোম ছাত্ৰ সন্থা (ATASU), অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASA)ৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে। ​"অইল ইণ্ডিয়া হায় হায়", "অইল ইণ্ডিয়া হুচিয়াৰ", "আমাক ৰাস্তা লাগিবই" আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ উত্তাল হৈ পৰে। সংগঠন কেইটাই হুংকাৰ দি কয় যে অহা এসপ্তাহৰ ভিতৰত অইলে যদি এই পথছোৱা মেৰামতি নকৰে, তেন্তে আগন্তুক দিনত অনিৰ্দিষ্টকাললৈ 'অইল বন্ধ'ৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই পথ অৱৰোধৰ ফলত অইলৰ কেইবাখনো গধুৰ আৰু লঘু যান-বাহন বৰ্তমান সময়লৈকে মাজপথতে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

https://www.facebook.com/share/v/1CToN37tkG/

What's Your Reaction?

Like Like 0
Dislike Dislike 0
Love Love 0
Funny Funny 0
Angry Angry 0
Sad Sad 0
Wow Wow 0