ষষ্ঠ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসম দলৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন
দুলীয়াজান, ২২ জুন : যোৱা ১২ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাংগালোৰত অনুষ্ঠিত হৈ যোৱা ষষ্ঠ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসম দলে পুনৰ শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । এই প্ৰতিযোগিতাত অসমে সৰ্বমুঠ ১২৭ টা পদক বুটলিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত ৬৩ টা স্বৰ্ণ পদক, ৪০ টা ৰূপৰ পদক আৰু ২৪ টা তাম্ৰ পদক লাভ কৰিছে । প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক প্ৰাপ্ত খেলুৱৈ সকলে অহা ২২ ছেপ্টেম্বৰ পৰা ২৮ ছেপ্তেম্বৰলৈ জাপানত অনুষ্ঠিত হ'বলগীয়া বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিব। এই প্ৰতিযোগিতাত ক্ৰমে জুনিয়ৰ শাখাত শিৱম নেৱাৰ, মহিলাৰ শাখাত নীলোফাৰ আহমেদ আৰু পুৰুষৰ মাষ্টাৰচ্ শাখাত দেবজিৎ শৰ্মাই "চেম্পিয়ন অব দ্যা চেম্পিয়ন" খিতাপ অৰ্জন কৰিছে । পদক প্ৰাপ্ত সকলো খেলুৱৈক সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য গোস্বামী আৰু সাধাৰণ সম্পাদক দিগন্ত গগৈয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0