দুলীয়াজানত স্বাধীনতা দিৱস উপলক্ষে দুদিনীয়া দবা প্ৰতিযোগিতা সম্পন্ন: গঠিত হ’ল DACA-ৰ নতুন কাৰ্যনিৰ্বাহক সমিতি

Aug 17, 2026 - 14:19
Aug 17, 2026 - 15:47
 0  43
দুলীয়াজানত স্বাধীনতা দিৱস উপলক্ষে দুদিনীয়া দবা প্ৰতিযোগিতা সম্পন্ন: গঠিত হ’ল DACA-ৰ নতুন কাৰ্যনিৰ্বাহক সমিতি

দুলীয়াজান, ১৭ আগষ্ট: ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দুলীয়াজান ক্লাবৰ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক দবা সন্থা (DACA) ৰ সহযোগত যোৱা ১৫ আৰু ১৬ আগষ্টত দুদিনীয়া এক ছেমি-ক্লাছিকেল অনুৰ্ধ্ব-১৫ (মুক্ত) দবা প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। অইল ইণ্ডিয়া হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰেক্ষাগৃহত আয়োজিত এই প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অনূর্ধ্ব-৭, অনূর্ধ্ব-৯, অনূর্ধ্ব-১১, অনূর্ধ্ব-১৩ আৰু অনূর্ধ্ব-১৫ (মুক্ত) শাখাত মুঠ ২০টা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অনূর্ধ্ব-৭ শাখাৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে মেডেল প্ৰদান কৰি সন্মানিত কৰা হয়।


দুলীয়াজান আঞ্চলিক দবা সন্থা (DACA) ৰ নতুন সমিতি গঠন

প্ৰতিযোগিতাৰ সমান্তৰালকৈ অইল হায়াৰ ছেকেণ্ডাৰী স্কুলত শতাধিক খেলুৱৈ আৰু অভিভাৱকৰ উপস্থিতিত দুলীয়াজান আঞ্চলিক দবা সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত জিলা সমিতি (DDCA)ৰ নিৰ্দেশনাৰ আধাৰত জিলা সমিতিৰ মুখ্য উপদেষ্টা প্ৰবীণ গগৈ আৰু প্ৰতিনিধি দীপান্ত কুমাৰ গগৈৰ পৰ্যবেক্ষণত এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়।

সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গঠিত হোৱা এই নতুন সমিতিৰ মূল বিষয়ববীয়াসকল হৈছে:

  • সভাপতি: কেশৱ গগৈ (Keshob Gogoi)

  • উপ-সভাপতি: ভূপেন বৰুৱা (Bhupen Boruah)

  • সাধাৰণ সম্পাদক: মনোজ কুমাৰ ভৰালী (Manuj Kr Bharali)

  • সহকাৰী সম্পাদক: মিতালী বৰচেতীয়া (Mrs. Mitali BorChetia), ৰাতুল ডেকা (Ratul Deka)

  • কোষাধ্যক্ষ: পিন্টুজ দাস (Pintuj Das)

  • কাৰ্যালয় সম্পাদক: জিষ্ণু জ্যোতি বৰা (Jishnu Jyoti Borah)

  • কাৰ্যনিৰ্বাহক সদস্যসকল: প্ৰদক্ষিণা মহন্ত (Mrs. Pradakhina Mahanta), ৰুবি বৰুৱা (Mrs. Rubi Boruah), তপন বৰা (Mr. Tapan Borah), অপূৰ্ব বৰা (Apurba Borah), ভাস্কৰ ৰায় (Bhaskar Ray), আৰু নিপন গগৈ (Nipon Gogoi)।

জিলা প্ৰতিনিধি: ১/ সভাপতি (DACA)

২/ সাধাৰণ সম্পাদক (DACA)

৩/ ভূপেন বৰুৱা

৪/ বিভু হাজৰিকা

৫/ এনামুল হুছেইন

৬/ জ্যোতি প্ৰসাদ শইকীয়া

What's Your Reaction?

Like Like 1
Dislike Dislike 0
Love Love 0
Funny Funny 0
Angry Angry 0
Sad Sad 0
Wow Wow 0