দুলীয়াজানত নাট্য সংগঠন ‘পথাৰ’ৰ নতুন ল’গ আৰু ৱেবচাইট উন্মোচন
দুলীয়াজান: অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আগশাৰীৰ নাট্য সংগঠন 'পথাৰ সামাজিক সাংস্কৃতিক কৰ্ষণ ভূমি, অসম' (চমুকৈ পথাৰ)ৰ আগন্তুক ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে সংগঠনটোৰ এটা বিশেষ ল’গ আৰু আধিকাৰিক ৱেবচাইট উন্মোচন কৰা হৈছে। দুলীয়াজান মিডিয়া চেণ্টাৰত আয়োজিত এখন সংবাদমেলত এই নতুন ল’গ আৰু ৱেবচাইটটো (
ৱেবচাইট আৰু ল’গটো উন্মোচন কৰে দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক, সন্মিলিত সাংবাদিক মঞ্চৰ সভাপতি তথা নাট্যকৰ্মী জয়ন্ত ভূঞাই। উল্লেখ্য যে, অহা ১৫ জুনৰ পৰা বৰ্ষযোৰা কাৰ্যসূচীৰে পথাৰ নাট্যগোষ্ঠীয়ে নিজৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব।
উক্ত সংবাদমেলত ‘পথাৰ’ নাট্যগোষ্ঠীৰ পৰিচালক পবিত্ৰ চেতিয়া, কোষাধ্যক্ষ মৃন্ময় কুমাৰ বৰুৱা, সম্পাদক চম্পক শইকীয়া আৰু সহকাৰী সম্পাদক ললিত চন্দ্ৰ দত্তকে প্ৰমুখ্য কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0