বহিৰাগত গোষ্ঠীক ঠিকা প্ৰদানৰ বিৰোধিতা: অইল ঠিকাদাৰ সন্থাৰ অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলন
দুলীয়াজান, ৬ জুলাই -- থলুৱাক ভাতে মৰাৰ কৌশলী স্হিতিৰে অইল ইণ্ডিয়া লিমিটেডে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অইল ইণ্ডিয়াৰ ঠিকাদাৰ সন্থাই অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। থলুৱা ঠিকাদাৰে কৰি অহা দৈনন্দিন কাম সমূহ অতি কৌশলেৰে জেমৰ যোগেদি নিবিদা আহ্বান কৰি বহিৰাগত বৃহৎ পুঁজিপতি ঠিকা প্ৰতিষ্ঠানক গতাই দিয়াৰ প্ৰতিবাদত আজি পুৱাৰে পৰা দুলীয়াজানস্হিত অইলৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ সন্মুখত অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে অইল ইণ্ডিয়া ঠিকাদাৰ সন্থাই। এইক্ষেত্ৰত ভাৰত চৰকাৰৰ ৰেল'ৱে মন্ত্ৰণালয়ৰ অধীনস্থ নৱৰত্ন কোম্পানী RITES আৰু ভাৰত চৰকাৰে আন এক সংস্হা NBCP য়ে বিশেষ গুৰুত্ব লাভ কৰি ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ জি প্লাচ--৬ আবাসগৃহ সমূহ আৰু অইলৰ মেডিকেলখন অত্যাধুনিক ৰূপত নিৰ্মাণ কৰাৰ ঠিকা লাভ কৰাৰ ক্ষেত্ৰতো বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। আনহাতে শেহতীয়াকৈ থলুৱা ঠিকাদাৰ সমূহে সাধাৰণভাৱে কৰি অহা ন্যূনতম আয়ৰ বিভিন্ন কামসমূহো অইলে কৌশলী পৰিকল্পনাৰে বহিৰাগত নিৰ্দিষ্ট ঠিকা প্ৰতিষ্ঠানৰ হাতত গটোৱাৰ পৰিকল্পনাৰে নিবিদা আহ্বান কৰা বুলি অভিযোগ কৰিছে। য'ত অসমৰ থলুৱা প্ৰতিষ্ঠান সমূহে সেই নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰাকৈ অতি ষড়যন্ত্ৰৰে কেতবোৰ নীতি-নিৰ্ধাৰণ কৰি দিছে অইল ইণ্ডিয়াই । ইয়াৰ পৰিপ্ৰেক্ষিতত বহিঃ ৰাজ্যৰ পুঁজিপতি ঠিকা প্ৰতিষ্ঠানৰ হেচাঁত আওমৰণে মৰিবলৈ আগবাঢ়িছে ৯৫০ গৰাকী অইলৰ পঞ্জীয়নভূক্ত থলুৱা ঠিকাদাৰ। এইক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডত ৰাজকীয় আতিথ্য লাভ কৰা ৰজাঘৰীয়াৰ আশীষপুষ্ট বিশেষ এক নামী প্ৰতিষ্ঠানে বহিৰাগত প্ৰতিষ্ঠান সমূহৰ সৈতে মিতিৰালী পাতি থলুৱা ঠিকাদাৰ সমূহক বঞ্চিত কৰাৰো একপ্ৰকাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে দুবছৰ পূৰ্বেও এইধৰণে ঠিকাদাৰ সকলে বহিৰাগত পুঁজিপতিৰ হাতত ঠিকা কাম গটোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বিশেষ ফলৱতী নহ'ল। পুনৰবাৰ অইল ঠিকাদাৰ সন্থাৰ সভাপতি বিশ্বজিৎ কাকতি আৰু সম্পাদক পৰাণজ্যোতি গগৈৰ নেতৃত্বত বহুসংখ্যক ঠিকাদাৰে আজিৰে পৰা অসহযোগ আন্দোলনত নামি পৰা পৰিলক্ষিত হৈছে। অইলৰ মুখ্য আবাসীক বিষয়াৰে সৈতে আলোচনাত নবহাৰ পৰ্যন্ত এই অসহযোগ আন্দোলন কৰি যাব বুলি সজোৰে দাবী কৰে অইল ঠিকাদাৰ সন্থাই।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0