অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ ব্যাপক প্ৰস্তুতি: মুখ্যমন্ত্ৰীক সাক্ষাৎ সজাঁতি দলৰ; ৰামেশ্বৰ তেলী আৰু তৰংগ গগৈক গুৰু দায়িত্ব
২০২৭ বৰ্ষৰ অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সাহিত্য সভাৰ সজাঁতি দলৰ। কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীক সভাপতি আৰু তৰংগ গগৈক কাৰ্য্যকৰি সভাপতিৰ দায়িত্ব অৰ্পণ।
দুলীয়াজান, ৮ জুলাই: অসম সাহিত্য সভাৰ আগন্তুক ২০২৭ বৰ্ষৰ অষ্টসপ্ততিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিয়ে এতিয়া তীব্ৰ গতি লাভ কৰিছে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ এটা উচ্চস্তৰীয় সজাঁতি দলে দিছপুৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি, অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে।
ৰামেশ্বৰ তেলী আৰু তৰংগ গগৈক আনুষ্ঠানিক দায়িত্ব অৰ্পণ
অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলীক আৰু কাৰ্য্যকৰি সভাপতি হিচাপে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে সভাপতি হিচাপে কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰসমূহত স্বাক্ষৰ প্ৰদান কৰি কাম-কাজৰ শুভাৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ আলোচনা আৰু আশ্বাস
অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা, সাংগঠনিক সম্পাদক সুনীল গুৰুং, কাৰ্যনিৰ্বাহক সদস্য মিন্টু দাস, ৰমেন ভড়ালী, জিতু শইকীয়া, আদৰণি সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ব্ৰজেন গগৈ, সম্পাদক কংকণ গগৈ আৰু কোষাধ্যক্ষ ৰঞ্জন মহন্ত সজাঁতি দলটোত অন্তৰ্ভুক্ত আছিল। ৰামেশ্বৰ তেলী আৰু তৰংগ গগৈৰ উপস্থিতিত দলটোৱে মুখ্যমন্ত্ৰীক দুলীয়াজান অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম সাহিত্য সভাৰ এই অষ্টসপ্ততিতম অধিৱেশনখনি সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা যৎপৰোনাস্তি সহায়-সহযোগিতা আগবঢ়োৱাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে।
পৃষ্ঠপোষক আৰু উপদেষ্টাৰ দায়িত্বত মন্ত্ৰী-বিধায়কসকল
নাওহলীয়া বৰকোলা অঞ্চলত ২০২৭ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল অধিৱেশনখনৰ আদৰণি সমিতিত অসম চৰকাৰৰ সমগ্ৰ মন্ত্ৰীমণ্ডলক পৃষ্ঠপোষক আৰু বিধায়কসকলক উপদেষ্টা হিচাপে অন্তৰ্ভূক্ত কৰাৰ বাবে এক অনুমতি পত্ৰও সজাঁতি দলটোৱে মুখ্যমন্ত্ৰীক অৰ্পণ কৰে।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0