২৪ ঘণ্টাৰ অন্তত বুঢ়ীদিহিঙৰ পৰা উদ্ধাৰ লিউনাছৰ উৱলি যোৱা মৃতদেহ; কিশোৰীসহ দুই অভিযুক্তক আদালতত হাজিৰ
দুলীয়াজানৰ বুঢ়ীদিহিং নদীত সংঘটিত শোকাৱহ সলিল সমাধি কাণ্ডৰ ২৪ ঘণ্টাৰ অন্তত উদ্ধাৰ হ’ল কিশোৰ লিউনাছ বড়াৰ উৱলি যোৱা মৃতদেহ। ঘটনা সন্দৰ্ভত কিশোৰীসহ দুই অভিযুক্তক ডিব্ৰুগড় আদালতত হাজিৰ কৰা হৈছে।
দুলীয়াজান, ৮ জুলাই: দুলীয়াজানৰ বুঢ়ীদিহিং নদীত সংঘটিত হোৱা শোকাৱহ তথা চাঞ্চল্যকৰ সলিল সমাধি কাণ্ডৰ ২৪ ঘণ্টাৰ অন্তত আজি উদ্ধাৰ হয় নিখোঁজ কিশোৰ লিউনাছ বড়াৰ মৃতদেহ। ডিব্ৰুগড় এছ ডি আৰ এফ (SDRF) বাহিনীৰ তৎপৰতাত বুঢ়ীদিহিং নদীৰ পৰা উৱলি যোৱা অৱস্থাত কিশোৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
টিংৰাই বৰবালিত উদ্ধাৰ মৃতদেহ
উল্লেখ্য যে, যোৱা ৫ জুলাইৰ সন্ধিয়া ২ নং ম'হমাৰীৰ সমীপৰ বুঢ়ীদিহিং নদীত ৰহস্যজনক অৱস্থাত সলিল সমাধি ঘটিছিল ভাদৈ পাঁচআলিৰ ১ নং কেৰেকণি গাঁৱৰ লিউনাছ বড়া (১৮) নামৰ কিশোৰজনৰ। কালিৰে পৰা আৰক্ষী আৰু উদ্ধাৰকাৰী দলে দিনযোৰা অভিযান চলাইছিল যদিও তেওঁৰ কোনো সন্ধান পোৱা নাছিল। অৱশেষত আজি দিনৰ প্ৰায় ২ বজাত ঘটনাস্থলীৰ পৰা কেইবা কিল'মিটাৰ নিলগৰ টিংৰাই বৰবালি গাঁৱৰ এটা ঘাটত নদীৰ পানীৰ তলৰ পৰা লিউনাছৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰা হয়। সম্প্ৰতি মৃতদেহটো অইল হাস্পতালৰ মৰ্গত ৰখা হৈছে আৰু কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ (AMCH) প্ৰেৰণ কৰা হ'ব বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে।
মন কৰিবলগীয়া যে, উক্ত ঘটনাৰ দিনাই স্থানীয় ৰাইজৰ তৎপৰতাত নদীখনৰ পৰা লিচা সোণোৱাল নামৰ কমলাবাৰী অঞ্চলৰ আন এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল।
বন্ধুৰ স্বীকাৰোক্তি: মৃত্যুৰ পূৰ্বে চলিছিল মদ্যপান
এই ঘটনাৰ সন্দৰ্ভত লিউনাছৰ মাতৃয়ে দুলীয়াজান থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে ক্ষিপ্ৰ গতিত তদন্ত আৰম্ভ কৰে। ঘটনাৰ সময়ত থকা চাবুৱাৰ পৰাগজ্যোতি হাজৰিকা নামৰ এজন যুৱকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে, মৃত্যুৰ পূৰ্বে তেওঁলোকে একেলগে বহি মদ্যপান কৰিছিল।
দুই অভিযুক্তক ডিব্ৰুগড় আদালতত হাজিৰ
দুলীয়াজান আৰক্ষীয়ে এই ঘটনাৰ গভীৰ তদন্ত চলাই মৃত কিশোৰ-কিশোৰীহালৰ সৈতে থকা চাবুৱাৰ পৰাগজ্যোতি হাজৰিকা আৰু নাওহলীয়াৰ আন এগৰাকী কিশোৰীক আটক কৰে। আৰক্ষীৰ তীব্ৰ জেৰাৰ অন্তত আজি দুয়োৰে বিৰুদ্ধে দুলীয়াজান থানাত ৯৬/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তদ্বয়ক ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ১০৩(২) আৰু ৩(৫) ধাৰাৰ অধীনত ডিব্ৰুগড় আদালতলৈ প্ৰেৰণ কৰা হৈছে।
সচেতন মহলৰ ক্ষোভ আৰু প্ৰশাসনৰ হস্তক্ষেপৰ দাবী
দীৰ্ঘদিন ধৰি দুলীয়াজান তথা ইয়াৰ আশে-পাশে থকা নিৰ্জন ঠাইসমূহত দিনদুপৰতে একাংশ যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰীৰ দৃষ্টিকটু আচৰণ আৰু অনৈতিক কাৰ্য্যকলাপে সচেতন মহলক অতিষ্ঠ কৰি তুলিছিল। স্থানীয় ৰাইজৰ মতে, এনে অবাধ আচৰণৰ পৰিণতিতে আজি এই ভয়ংকৰ ঘটনাটো সংঘটিত হ’বলৈ পালে। ভৱিষ্যতে যাতে এনেধৰণৰ অনাকাংক্ষিত আৰু শোকাৱহ ঘটনা পুনৰ নঘটে, তাৰ বাবে আৰক্ষী আৰু স্থানীয় প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈ সচেতন ৰাইজে দাবী জনাইছে।
What's Your Reaction?
Like
1
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0