
অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আজি দুলীয়াজানৰ টিপলিঙত অৱস্থিত চি এছ আৰ একটিভিটি কমপ্লেক্স অইল স্ব-নিৰ্ভৰ কেন্দ্ৰত অইলৰ চি এছ আৰ প্ৰকল্প অইল ৰূপান্তৰৰ অধীনত সামগ্রী আৰু বিত্তীয় বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো হিতাধিকাৰী আৰু যুটীয়া দায়বদ্ধ গোটসমূহক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই কাৰ্যসূচীত পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ আৰু শ্রম আৰু নিয়োগ মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীৰ লগতে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলি হক, অইলৰ অন্যান্য বিষয়াসকল, অসম ৰাজ্যিক পঞ্চায়ত গ্ৰামোন্নয়ন (SIPRD)বিভাগ সম্প্ৰসাৰণ কেন্দ্ৰ, ডিব্ৰুগড়ৰ অধ্যক্ষ তাজনুৰ হুচেইন প্ৰমুখ্যে প্রকল্পৰ হিতাধিকাৰীসকল উপস্থিত থাকে। অনুষ্ঠানটোত ২০২৩-২৪ বিত্তীয় বর্ষত এই প্রকল্পই ৩২৫ টা যুটীয়া দায়বদ্ধ গোটৰ লগতে এই গোটসমূহে সামৰি লোৱা ১,৫৫০ টা পৰিয়াললৈ সহযোগিতা আগবঢ়ায়। হিতাধিকাৰীসকলক এই অনুষ্ঠানতে ১৫০ খন পাৱাৰ টিলাৰ, ১৫০ টা ৱাটাৰ পাম্প, ১৫০ টা স্প্রেয়াৰ মেচিন, ৭৫০ খন ফ্লাই শ্বাটল হেণ্ডলুম চেট বিতৰণ কৰাৰ লগতে ৰিভলভিং ফাণ্ড হিচাপে ১৫ লাখ টকা, ৫,২৫০ কেজি সূতা আৰু অন্যান্য সামগ্রী, ১৫ খন এগ্র’ প্রডাক্ট কেৰিয়াৰ আৰু বায়’ফ্লক একুৱাকালচাৰৰ বাবে ২০ টা টেংক বিতৰণ কৰা হয়। উল্লেখযোগ্য যে
অসম ৰাজ্যিক পঞ্চায়ত গ্ৰামোন্নয়ন (SIPRD) বিভাগৰ দ্বাৰা পৰিচালিত অইল ইণ্ডিয়া লিমিটেডৰ চি এছ আৰ এই প্ৰকল্পই তৃণমূল পর্যায়লৈ গৈ উজনি অসমস্থিত অইল অধ্যুষিত জিলাসমূহৰ স্থানীয় লোকসকলক সামাজিক আৰু অর্থনৈতিকভাৱে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। ২০০৮ চনৰ পৰা ২০২৩-২৪ বিত্তীয় বর্ষলৈকে এই প্ৰকল্পৰ অধীনত ইতিমধ্যে অইলে ২৮,৭৮৫টা পৰিয়ালক সামৰি লোৱা ৪,৬৭৬ টা আত্ম সহায়ক গোট/যুটীয়া দায়বদ্ধ গোটক চাবচিডি প্ৰদান কৰাৰ লগতে অন্যান্য আর্থিক সহায় আৰু সামগ্ৰীও প্ৰদান কৰিছে।