দুলীয়াজানৰ ঊষাপুৰত ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছ যোগানৰ শুভাৰম্ভ অসম গেছ কোম্পানীৰ

Spread the love

ঊষাপু্ৰ, পদুমণি আৰু ৰূপহীত প্ৰায় ১৫০০ টা পৰিয়ালত ঘৰুৱা গেছ সংযোগ প্ৰদান কৰিব গেছ কোম্পানীয়ে

অসম চৰকাৰৰৰ গেছভিত্তিক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানীয়ে পেট্ৰ’লিয়াম নেচাৰেল গেছ ৰেগুলেটেৰী ব’ৰ্ডৰ নিৰ্দেশ অনুসাৰে ইতিমধ্যে অবিৰতভাৱে ৰাজ্যৰ বিভিন্ন চহৰ তথা গ্ৰাম্যাঞ্চলৰ চুকে-কোণে ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰি আহিছে। সমান্তৰালভাৱে অসম গেছ কোম্পানীৰ দুলীয়াজান গেছ গ্ৰীডৰ অন্তৰ্গত ঊষাপুৰ, ৰূপহী আৰু পদুমণিত প্ৰায় ১৫০০ ৰো অধিক উপভোক্তাক পয্যায়ক্ৰমে ঘৰে ঘৰে গেছ যোগান ধৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰূপহী অঞ্চলৰ সমাজকৰ্মী পিনাক্ষী বসুমতাৰীৰ গৃহত কেন্দ্ৰীয় চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ফিটা কাটি ঘৰুৱা গেছ সংযোগৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত সহযোগ আগবঢ়াই দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, চি জি ডি বিভাগৰ মুখ্য প্ৰৱন্ধক ৰিপুঞ্জয় ফুকন, গেছ গ্ৰীডৰ সহঃ অভিযন্তা অশোক কুমাৰ নাথ, কিৰণ বৰপাত্ৰ গোহাঁই আদি গ্ৰীডৰ অন্যান্য কৰ্মচাৰী সকলে। উল্লেখযোগ্য অসম গেছ কোম্পানীৰ সমূহ গেছ গ্ৰীডৰ ভিতৰত দুলীয়াজান গেছ গ্ৰীডে ইয়াৰ অধ্যুষিত অঞ্চলসমূহত সৰ্বাধিক ঘৰুৱা গেছ যোগান ধৰি কোম্পানীটোৰ উত্তৰণ আৰু বিকাশত সহায় কৰিছে। বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোকৰ উপস্থিতিত আয়োজিত ঘৰে ঘৰে গেছ যোগানৰ এই শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক তেৰছ গোৱালা আৰু গেছ কোম্পানীৰ বিভাগীয় বিষয়া ৰিপুঞ্জয় ফুকনে ঘৰুৱা ৰন্ধন গেছৰ উপকাৰীতা, চাহিদা তথা ইয়াৰ সংযোগৰ নিয়মাৱলীৰ সম্পৰ্কত বিস্তৃতভাৱে ৰাইজৰ সন্মুখত দাঙি ধৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *