মৰাণত ড্ৰাগচসহ দুজন যুৱকক গ্ৰেপ্তাৰ

Spread the love

মৰাণ,৬ জুনঃ মৰাণৰ ঝলমত আজি সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগচসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যুৱক দুজন অহা এ এচ ০৬ এ বি ০২১১ নম্বৰৰ এখন আৰ্টিগা গাড়ীৰ পৰা জব্দ কৰা হয় ড্ৰাগচৰ মুঠ  ৩৯ টা কন্টেনাৰ ৷ মৰাণহাট আৰক্ষী, মৰাণ আৰক্ষী আৰু নাৰ্কটিকচ বিভাগৰ যুটীয়া অভিযানত ঝলমৰ ৰাষ্ট্ৰীয় ঘাইপথত এই বৃহৎ পৰিমাণৰ ড্ৰাগচ জব্দ কৰে ৷ ধৃত যুৱক দুজন দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ চন্দন বৰা আৰু টিপামৰ সাধন গগৈ বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা ড্ৰাগচৰ মূল্য কেইবা কোটি টকাৰ হ’ব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বাহন খন ৰখাই তালাচি চলোৱাৰ সময়ত যুৱক দুজনে আৰক্ষীক বাধা দিছিল যদিও আৰক্ষীয়ে বলপূৰ্বভাৱে বাহন খনত তন্ন তন্নকৈ তালাচি চলোৱাত ড্ৰাগচখিনি ধৰা পৰে । মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও মৰাণত ড্ৰাগচসহ যুৱক গ্ৰেপ্তাৰ হৈ আহিছে ।

One thought on “মৰাণত ড্ৰাগচসহ দুজন যুৱকক গ্ৰেপ্তাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *