
দুলীয়াজান, মাৰ্চ ১: দুলীয়াজানৰ নাওহলীয়াত কিশোৰী সৰবৰাহকাৰীক আটক । অৰুণাচল প্ৰদেশত আৰক্ষীয়ে উদ্ধাৰ কৰে সন্ধানহীন হৈ থকা এগৰাকী কিশোৰী । দীৰ্ঘদিনৰ পৰা এটা চক্ৰই চাহবাগিচাৰ একাংশ কিশোৰীক চাকৰিৰ প্ৰলোভনেৰে চুবুৰীয়া অৰুণাচল প্ৰদেশত সৰবৰাহ কৰি আহিছে । পিচত কিশোৰী সকলক বিভিন্ন ভয়-ভাবুকিৰে বনকৰাৰ লগতে অন্য কামত নিয়োজিত কৰি আহিছে। এনে দুষ্টচক্ৰৰ কৱলৰ পৰা দুলীয়াজানৰ নাওহলীয়াৰ এগৰাকী কিশোৰীয়ে পৰা পলায়ণ কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰক্ষী থানাত আশ্ৰয় গ্ৰহণ কৰাৰ পিচতেহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত ৩২১/২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত এগৰাকী মহিলাসহ তিনিগৰাকী অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। ধৃত কিশোৰী সৰবৰাহকাৰী কেইগৰাকী হৈছে নাওহলীয়াৰ জালিয়াবস্তি অঞ্চলৰ অজয় লিম্বু, জুটুলীবাৰী চাহ বাগিচাৰ মুনু মুড়া আৰু মুনুৰ স্বামী কেশৱ চেত্ৰী । ধৃত দলটোৱে দীৰ্ঘদিনৰ পৰা কিশোৰ সকলক চাকৰিৰ প্ৰলোভনেৰে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি আহিছিল। ধৃত দলটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এতিয়াও কেইবাগৰাকীও কিশোৰী অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ আছে বুলি আদিবাসী ছাত্ৰ সন্থাই জানিবলৈ দিছে।