
দুলীয়াজান, ০২ মাৰ্চ — অইল ইণ্ডিয়া লিমিটেডে পাইপ যোগে প্ৰাকৃতিক গেছ যোগান ধৰি অহা দুলীয়াজানৰ টিংৰাই গেছ গ্ৰীড আৰু পানীতোলা সম্প্ৰসাৰিত গেছ গ্ৰীডত আজিৰে পৰা অসম গেছ কোম্পানীয়ে পাইপ যোগে প্ৰাকৃতিক গেছ যোগানৰ কাম শুভাৰম্ভ কৰে। গেছ কোম্পানীৰ কৰ্তৃপক্ষই সদৰি কৰা তথ্য অনুসৰি ১৯৬৬ চন আৰু ১৯৮০ চনতে প্ৰতিষ্ঠা হোৱা উক্ত দুয়োটা গেছ গ্রীডে সেই সময়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ পৰা পাইপ যোগে প্ৰাকৃতিক গেছ সংগ্ৰহ কৰিছিল যদিও লাহে লাহে পাইপবোৰ জৰাজীৰ্ণ হৈ পৰাত উক্ত পাইপেদি গেছ নিৰ্গত হৈ প্ৰদূষণ তথা মানৱ জীৱনৰ কাৰণে ভয়াবহতা নমাই আনিছিল ।

ইয়াৰোপৰি PNGRB ৰ নিৰ্দেশনা তথা নিবিদা অনুসৰি উজনি অসম ভৌগোলিক পৰিসৰত প্ৰাকৃতিক গেছ যোগান আৰু সৰবৰাহৰ সমস্ত দায়িত্ব একমাত্ৰ আৰু কেৱল অসম গেছ কোম্পানীক ন্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত অসম গেছ কোম্পানীয়ে টিংৰাই গেছ গ্ৰীডৰ অধীনৰ চাহ বাগিছা সমূহলৈ প্ৰাকৃতিক গেছৰ যোগান আৰু সৰবৰাহৰ দায়িত্ব লবলৈ বিধি অনুযায়ী যোগ্যতা লাভ কৰে। কিন্তু বিগত সময়চোৱাত কেতবোৰ কাৰিকৰী অসুবিধাৰ বাবে সম্ভৱ হৈ উঠা নাছিল যদিও অসম গেছ কোম্পানীৰ বৰ্তমানৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ যোগাত্মক চিন্তাধাৰা আৰু প্ৰচেষ্টাৰ হেতু অসম গেছ কোম্পানীয়ে টিংৰাই গেছ গ্ৰীড আৰু পানীতোলা সম্প্ৰসাৰিত গেছ গ্ৰীডৰ সৰ্বমুঠ ৩৭ খন চাহ বাগিছালৈ প্ৰাকৃতিক গেছৰ যোগান আৰু সৰবৰাহৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হয় । আজি প্ৰথম পৰ্যায়ত ২১ খন চাহ বাগিছালৈ গেছ যোগান ধৰাৰ বিপৰীতে অহা পোন্ধৰ দিনৰ ভিতৰত বাকী কেইখন চাহ বাগিছালৈ পাইপ যোগে গেছ যোগান ধৰা হব বুলি বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰে।

গেছ যোগান কামৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে উপস্থিত থকা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে একেলগে একে সময়তে ২১ খন চাহ বাগিছালৈ পাইপ যোগে গেছ সৰবৰাহৰ আজিৰ দিনটো অসম গেছ কোম্পানীৰ ইতিহাসত এটা উল্লেখযোগ্য দিন বুলি মন্তব্য কৰাৰ লগতে পুৰনি পাইপ সমূহৰ নৱীকৰন, সাল সলনি কৰি অতি ক্ষিপ্ৰতাৰে ১২৫ কি: মি: দৈৰ্ঘ্যৰ MDPE আৰু ষ্টীলৰ সমন্বিত পাইপ লাইন বহুৱাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে উক্ত বিভাগৰ বিষয়া কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে। পাইপ লাইন বিভাগৰ উপ মহাপ্ৰবন্ধক প্ৰাণ জ্যোতি দত্তই আঁতধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে প্ৰায় ২০ কোটি টকা ব্যয়ৰে সম্পন্ন হোৱা এই পাইপ সংযোগে গেছ চুৰিৰ পৰিমাণ বহু হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰাৰ লগতে টিংৰাই গেছ গ্ৰীডৰ গেছ ডেলিভাৰী পইন্টৰ সমীপবৰ্তী এলেকাৰ ৩৬ বিঘা মাটিত এটা আধুনিক গেছ বিতৰণ কেন্দ্ৰ স্থাপনৰ প্ৰকল্প গ্ৰহণৰ কথাও উল্লেখ কৰে। অনুষ্ঠানত অসম গেছ কোম্পানীৰ ব’ৰ্ডৰ সঞ্চালক মলয় কুমাৰ দাস উপস্থিত থাকি এই প্ৰকল্পই বছৰি কোম্পানীৰ ৰাজহত ১০০ কোটি টকা সংযোগ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ শলাগ জ্ঞাপন কৰে অসম গেছ কোম্পানীৰ কৰ্মী সংঘৰ সভাপতি গৌৰৱ কোঁৱৰে। অনুষ্ঠানটিত কাষৰীয়া অঞ্চলবাসী, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া, অসম গেছ কোম্পানীৰ বিষয়ববীয়াৰ লগতে কোম্পানীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়াই অংশগ্ৰহণ কৰে।
nice